গুৱাহাটীঃ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই মঙলবাৰে পুৱা দীঘলি পুথুৰীৰ পাৰত অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

অসম চৰকাৰে বৈষম্যমুলক নীতি অৱলম্বন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান আইন-২০১১ বাতিল কৰাৰ পিছত উক্ত আইনৰ আধাৰত প্ৰাদেশীকৃত প্ৰাথমিকৰ পৰা স্নাতক মহাবিদ্যালয় পৰ্যালয়লৈ ৮৮৩২ খন শিক্ষানুষ্ঠানত কৰ্মৰত মুঠ ৪১,৬৩৪ গৰাকী শিক্ষক কৰ্মচাৰীৰ চাকৰি সুৰক্ষিত ৰাখি একাংশ ১ জানুৱাৰী ২০১৩ তাৰিখৰ পৰা নিয়মিত ভাৱে দৰমহা প্ৰদান কৰি আহিছে৷

অথচ একে আইনৰ আধাৰতে জিলা আৰু ৰাজ্যিক বাচনি সমিতিৰ দ্বাৰা যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰায় ৭ হাজাৰ শিক্ষানুষ্ঠানত কৰ্মৰত প্ৰায় ৩৫ হাজাৰ কৰ্মচাৰীক প্ৰাদেশীকৰণৰ পৰা বঞ্চিত কৰিছে৷ আনহাতে পুৰ্ণাংগ স্বীকৃতি লাভ কৰা শিক্ষানুষ্ঠান সমুহত কৰ্মৰত প্ৰায় ১২ হাজাৰ শিক্ষক কৰ্মচাৰী আজিলৈ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ আহিছে৷

সেয়ে, মঙলবাৰে ঐক্য মঞ্চৰ সমুহ কৰ্মচাৰী মিলিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে৷ লগতে এয়াও দাবী জনাই যে যদিহে নতুন প্ৰাদেশীকৰণ আইন ২০১৭ৰ ব্যাপক সংশোধনীৰ জৰিয়তে অসমৰ সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষক তথা কৰ্মচাৰীৰৰ পদ প্ৰাদেশিকীকৰণ নকৰে তেন্তে আগন্তুক সময়ত চৰকাৰ বিৰোধী স্থিতি লবলৈ বাধ্য হ’ব৷