গুৱাহাটীঃ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই মঙলবাৰে পুৱা দীঘলি পুথুৰীৰ পাৰত অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
অসম চৰকাৰে বৈষম্যমুলক নীতি অৱলম্বন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান আইন-২০১১ বাতিল কৰাৰ পিছত উক্ত আইনৰ আধাৰত প্ৰাদেশীকৃত প্ৰাথমিকৰ পৰা স্নাতক মহাবিদ্যালয় পৰ্যালয়লৈ ৮৮৩২ খন শিক্ষানুষ্ঠানত কৰ্মৰত মুঠ ৪১,৬৩৪ গৰাকী শিক্ষক কৰ্মচাৰীৰ চাকৰি সুৰক্ষিত ৰাখি একাংশ ১ জানুৱাৰী ২০১৩ তাৰিখৰ পৰা নিয়মিত ভাৱে দৰমহা প্ৰদান কৰি আহিছে৷