ৰঙিয়া, মঙলদৈঃ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে আজি ৰঙিয়া আৰু মঙলদৈত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে এক অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ সন্মুখত ৰূপায়ন হোৱা প্ৰতিবাদী কাৰ্ষসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যয়ৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জ্যোতিৰ্ময় কলিতা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিদুৎ ডেকা, তথ্য আৰু প্ৰচাৰ সম্পাদক তৰুণ দাস আৰু ৰঙিয়া জালা সমিতিৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে।
নদীবান্ধ সম্পৰ্কত পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি উপাধ্যয়ে কয় যে অসমৰ ৰাইজে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি অহাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ ওপৰত নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্ত লৈছে । এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।