ডিব্ৰুগড়ঃ পুনৰ এবাৰ অসমীয়াই সাব্যস্ত কৰিলে এক বিৰাট প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা গাঁৱৰ নিচেই ওচৰৰ পানীতোলা ৰুপহী পুখুৰীৰ পাৰত আজি অনুষ্ঠিত হোৱা বিশাল গণ সমাৱেশত একত্ৰিত হ’ল হাজাৰ হাজাৰ প্ৰতিবাদী জনতা৷ সকলোৰে এটাই কথা যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল হ’বই লাগিব ৷
“অসমৰ খাটিখোৱা জনগণক আজি চৰকাৰে পাঁচ হাজাৰ টকীয়া, মহিলাসকলক পাঁচ লাখটকীয়া অনুদানেৰে জুখিব নোৱাৰিব ৷ আমাৰ নিজস্ব অধিকাৰ থাকিব লাগিব ৷ উপযুক্ত সন্মান নিদিলে আমি ভাৰতীয় হৈ নাথাকোঁ ৷ দৰকাৰ হ’লে অসম ভাৰতৰ পৰা আঁতৰি আহিৱ ৷” এনেদৰে উদাত্ত ভাষণেৰে অসমৰ জনগণক নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনালে কৃষক নেতা অখিল গগৈয়ে ৷