newsnextone.com | লংকাঃ কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত দুগৰাকী অসমীয়া প্ৰতিভাৱান যুৱকক নিৰ্মম ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্য জুৰি ক্ষোভৰ জুই উদগীৰণ কৰিছে৷ সকলোৱে এই নিৰ্মম কাণ্ডক গৰিহণা দি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে ঠায়ে ঠায়ে এচাম নৰপিশাচৰ হাতত জীৱন হেৰুওৱা নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে৷
মানুহৰ মনত ডকমকা কাণ্ডত জড়িত দুস্কৃতিকাৰীসকলৰ বিৰুদ্ধে ক্ষোভৰ জুইকুৰা দাউদাউকৈ জ্বলি উঠা সময়তে হোজাই জিলাৰ লংকাতো ডকমকা কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷