Home ৰাজ্যতীৰ-জুৱা খেলুৱৈ হুছিয়াৰ, ঐক্যবদ্ধ জনগোষ্ঠীয় সংগঠন

তীৰ-জুৱা খেলুৱৈ হুছিয়াৰ, ঐক্যবদ্ধ জনগোষ্ঠীয় সংগঠন

by News Desk
59 views
A+A-
Reset

নাগ্ৰীজুলিঃ বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলৰ তীৰ-জুৱা খেলুৱৈ হুছিয়াৰ৷ কিয়নো জনগোষ্ঠীয় সংগঠনে খোদ জুৱাৰীক দিব শাস্তি৷ বজাৰত বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ স্থানীয় এবছু, আছু, চানতাল ছাত্র সন্থা, আগছু, আটছা, আছা, বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনকে ধৰি মুঠ সাতটাকৈ জাতীয় ছাত্ৰ সংগঠনে লগ লাগি গঠন কৰা গ্ৰেটাৰ নাগ্ৰীজুলি ষ্টুডেন্টচ্‌ অৰ্গেনাইজেচনৰ উদ্যোগত আৰু জনকল্যাণ ট্ৰেডিং কোঅপাৰেটিভ চোচাইটি লিমিটেডৰ সহযোগত নাগ্ৰীজুলি অঞ্চলত ব্যাপক হাৰত চলি থকা তীৰ, জুৱা আৰু অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাৰ দাবীত আজি দিনৰ ১০.৩০ বজাৰ পৰা ১২.৩০ বজালৈ দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

এই প্ৰতিবাদী কাৰ্যসূচীত সাতটাকৈ ছাত্ৰ সংগঠনৰ বিষয়ববীয়া, নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, স্থানীয় সমাজকৰ্মী, বিশিষ্ট ব্যক্তিসকলে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড আদি লৈ নাগ্ৰীজুলিত তীৰ-জুৱা-সুৰা বন্ধ কৰক, তীৰৰ এজেন্ট মুৰ্দাবাদ, জুৱাৰ অবাধ প্ৰচলন বন্ধ কৰক, তীৰৰ দালাল সাৱধান, তীৰ-জুৱা-সুৰা সামাজিক ব্যাধি বন্ধ কৰক আদি শ্ল’গান দি নাগ্ৰীজুলি বজাৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0