60
কাছাৰঃ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হ’ল কাছাৰৰ চহৰ ৷ ৰাজ্য চৰকাৰ তথা গৃহ বিভাগৰ বিৰুদ্ধে অপহৰণকাৰীক আটক কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে ৰাজপথলৈ ওলাই আহিল অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷
উল্লেখ্য যে, অসম বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা শুভদীপ চৌধুৰীৰ কন্যা ৪ জুনত চৰকাৰী আৱাসগৃহৰ পৰা নিৰুদ্দেশ হৈছিল। পিছত আৰক্ষীয়ে যোৱা ১০ জুনত মেঘালয়ৰ ক্লিয়েৰহিয়াটত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে প্ৰৱক্তাগৰাকীৰ কন্যাক৷