গুৱাহাটীঃ গুৱাহাটী মহানগৰীত সোমবাৰে পুৱাৰে পৰা চাকৰীয়াল, ব্যৱসায়ী, শ্ৰমিক, ছাত্ৰ-ছাত্ৰীৰ ব্যাপক আলাই-আথানি হোৱা দেখা যায়৷ মহানগৰীৰ প্ৰতিটো বাছ আস্থানত বহু যাত্ৰীয়ে বোন্দা পৰ দি ৰৈ থাকিব লগা হয়৷ চিটিবাছ, ট্ৰেকাৰ, মেজিক, ই-ৰিক্সা চলাচল নকৰাত ব্যাপক সমস্যাত পৰে শ-শ লোক৷ ৰাজ্যজুৰি ২৪ ঘণ্টীয়া চকা কাৰ্যসূচীৰ ব্যাপক প্ৰভাৱ পৰা দেখা যায়৷

উজনি-নামনি, বৰাক উপত্যকাত বন্ধ হৈ পৰিছে চিটীবাছ, মেজিক, ট্ৰেকাৰৰ চলাচল৷ মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্চ ফেডাৰেচনৰ উদ্যোগত বন্ধৰ আহ্বান জনাই কেইবাটাও সংগঠনৰ৷

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, পূৰ্বে বৃদ্ধি কৰা পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰা, কেন্দ্ৰীয় চৰকাৰে একচেটীয়াকৈ কৰ্পৰেটৰ গোষ্ঠীৰ স্বাৰ্থত ১৯৮৮ চনৰ মটৰ ভেহিকল এক্ট সংশোধন বাতিল কৰাৰ দাবী জনায়৷ প্ৰদূষণ মুক্ত ই-ৰিস্কা চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ আতৰ কৰি পঞ্জীয়ণ ব্যৱস্থা সহজ লভ্য কৰা আৰু আলা-উবেৰৰ মালিক পক্ষই অন্যায় ভাবে লৈ অহা কমিছনৰ ৫০ শতাংশ হ্ৰাস কৰাৰ লগতে নতুনকৈ গাড়ী লোৱাৰ বন্ধ কৰাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বন্ধ কাৰ্যসূচী ঘোষণা কৰে৷

ইয়াৰ পূৰ্বেও সংগঠনকেইটাই তীব্ৰ প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ তাৰ মাজতে, ০৪ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও মটৰ শ্ৰমিক সংগঠনে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জাহিৰ কৰে৷ মটৰ শ্ৰমিকসকলে উত্থাপন কৰি অহা দাবীক গুৰুত্ব প্ৰদান নকৰাাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰি সোমবাৰে ১২ পুৱা ৫ বজাৰ ৰাজ্যজুৰি ২৪ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰে৷

মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্চ ফেডাৰেচনকে ধৰি প্ৰায় ১৬০টা সংগঠনে এই বন্ধ কাৰ্যসূচী ঘোষণা কৰে৷ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ নেতা এ ৰেজ্জাক আমহেদ আৰু অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাকাৰ্চ ফেডাৰেচনৰ নেতা বীৰেণ শৰ্মাই মটৰ শ্ৰমিকক চৰকাৰে বঞ্চনা কৰা আৰু সহ্য কৰা ন’হব বুলি কয়৷ ১২৬ গৰাকী বিধায়কৰ এগৰাকীও বিধায়কেও আমাৰ কথা বিধান সভাত উল্লেখ নকৰে বুলি ক্ষোভ জাহিৰ কৰি নিৰ্বাচনৰ সময়ত মটৰ শ্ৰমিকেসকলেই ভোটৰ বাকচ বিষয়া অনা নিয়া কৰে বুলি কয়৷

সোমবাৰে পুৱাৰে পৰা ত্মক ৰূপে এই বন্ধ পালন কৰিব বুলি ঘোষণা কৰি সিদিনা ধৰ্ণা দিয়াৰ লগতে প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব সংগঠন সমূহে৷ দিচপুৰ প্ৰেছ ক্লাৱত সংবাদ মেল অনুষ্ঠিত কৰি অসমৰ বাছ-ট্ৰাক, শ্বেয়াৰ টেস্কি, টুৰিষ্ট কাৰ, অটোৰিস্কা, ই-ৰিস্কা আদিত নিয়োজিত শ্ৰমিক-কৰ্মচাৰীৰ বাবে শ্ৰমিক কল্যাণ আঁচনি ৰূপায়ণ কৰাৰ দাবী জনায়৷