গুৱাহাটীঃ ৰাজ পথত নামিল মহানগৰীৰ এতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ প্ৰখৰ ৰ'দকো নেওচি শ্ৰেনীকোঠা এৰি ৰাজ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে৷

ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মহাবিদ্যালয় কৰ্তৃপক্ষই খামখেয়ালি কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ-ছাত্ৰীয়ে উলুবাৰিত পথ অৱৰোধ কৰি পৰিবেশ উত্তাল কৰি তোলে৷ মহাবিদ্যালয় কৰ্তৃপক্ষই স্বেচ্ছাচাৰিতাৰে বিশেষ কেইজনমান প্ৰাৰ্থীক বিভিন্ন প্ৰকাৰে সহায় কৰাৰ লগতে আন একাংশ প্ৰাৰ্থীক অন্যায় কৰাৰ অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীয়ে৷

নিৰ্বাচনক লৈ উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত নামে৷ সংগঠনৰ নেতাক মহাবিদ্যালয় খনত প্ৰবেশ নিষিদ্ধ কৰে ছাত্ৰ-ছাত্ৰীয়ে৷ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াক অপসাৰণ কৰাৰো দাবী জনায়৷