56
লংকাঃ প্ৰতিবাদ হয়তো আপুনি বহু দেখিছে৷ প্ৰতিবাদৰ নামত দেখিছে জংগী আন্দোলন তথা পথ অৱৰোধ৷ পিছে এইবাৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীৰে প্ৰতিবাদত নামিল লংকাৰ ফৰমাৰ পাৰ মধ্য-উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷
লংকাৰ ফৰমাৰ মধ্য-উচ্চ ইংৰাজী বিদ্যালয়ত মঙলবাৰৰ পৰা শ্ৰেণী বৰ্জন কৰি ছাত্ৰ ছাত্ৰী নামি পৰিল প্ৰতিবাদত। বিদ্যালয়ৰ অনিয়মীয়া পাঠদান আৰু দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ নহয়। প্ৰতিবাদৰ মূলতেই হৈছে বিদ্যালয়খনৰ বি এছ চি শিক্ষকজনৰ বদলিকৰণ।