চাবুৱা : বছৰ বছৰ ধকি জনজাতিকৰণৰ দাবী কৰা অহা আদিবাসীৰ-চাহজনগোষ্ঠীৰ লোকসকল পুনৰ প্ৰতিবাদত মুখৰ হৈ পৰিছে৷ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে।
ৰাজ্যখনত বসবাস কৰি অহা আদিবাসী জনগোষ্ঠীৰ লোকসকলক চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ আশ্বাস দিছিল নিৰ্বাচনৰ পূৰ্বে৷ কিন্তু বৰ্তমানলৈকে চৰকাৰে এই লোকসকলৰ কোনো সমস্যা পূৰণ কৰিব পৰা নাই৷ যাৰ ফলত আদিবাসীয়ে ভোগ কৰি অহা সমস্যা সমূহ সমাধানৰ বাবে মঙ্গলবাৰে চাবুৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে।