ধনশিৰিঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাই আজি গোলাঘাট জিলাৰ ধনশিৰিত প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুথত অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে৷
মহকুমাটোৰ বাট-পথৰ উন্নয়ণ, বিশুদ্ধ খোৱাপানী যোগান, মাটিৰ পট্টা প্ৰদান কৰা আদীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা, সৰুপথাৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয় উন্নয়ণ কৰা, মহাবিদ্যালয় স্থাপন কৰা, মহকুমাৰ বাট-পথ উন্নয়ণৰ দাবীত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।