newsnextone.com | নগাঁওঃ যৌন কেলেংকাৰীত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্তৰ্গত ধিংগাঁও আৰু সোনাইবেৰা আঞ্চলিক সমিতিয়ে সোমবাৰে দগাঁৱত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ গৃহ জিলাৰ দগাঁৱত কৃষক মুক্তিৰ শতাধিক সদস্যই একগোট হৈ হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে’কাৰ্ড আদি লৈ দগাঁৱৰ ৰাজপথত সমদল বাহিৰ কৰি ‘ৰাজেন গোহাঁই মুৰ্দাবাদ’, ‘ৰাজেন গোহাঁইক গ্ৰেপ্তাৰ কৰক’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘নগাঁও আৰক্ষী মুৰ্দাবাদ’ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।