কাজিৰঙাঃ “আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল”ৰ লেখিয়া হৈছে ৰাজ্যৰ বহু চিকিৎসালয়৷ এতিয়া বহু চিকিৎসালয় নামতহে কামত হলে নাই৷ স্থাপন কৰিব লাগে বাবে কৰিলে৷ চমক সৃষ্টি কৰিব লাগে বাবে চমক সৃষ্টি কৰিলে৷ কিন্তু তাৰ পৰিচৰ্যা কৰিবলে আহৰি নাই চৰকাৰৰ৷
কিয়নো চৰকাৰ সলনি হোৱাৰ লগে লগে আঁচনিও সলনি হয়৷ ৰাজনৈতিক দলৰ নেতাবোৰো সলনি হয়৷ ইটো দলৰ পৰা সিটো দললৈ গৈ নিশাৰ ভিতৰতে সলনি হয় নেতাবোৰ৷ পূৰ্বৰ চৰকাৰে কৰি থৈ যোৱা কামবোৰক আন দলে চৰকাৰ গঠন কৰিলে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷