গুৱহাটীঃ অসমত প্ৰতিটো দলেই চৰকাৰ গঠন কৰিলে মহিলাৰ সৱলীকৰণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সম্পূৰ্ণ বিপৰীত ছবিহে বাস্তৱত দেখা যায়। যাৰ ফলত মহিলাসকলে বঞ্চিত হ’ব লগা হয়৷
তাৰ লগে লগে উত্তৰ-পূৰৰ ৰাজ্যসমূহৰ ভিতৰত বেছি ভিক্ষাৰী আছে অসমত৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসম শীৰ্ষত থকাৰ লগতে আটাইতকৈ কম ভিক্ষাৰী থকা ৰাজ্য হ’ল মিজোৰাম৷ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক মহিলা ভিক্ষাৰী থকা ৰাজ্যৰ তালিকাত সন্নিবিষ্ট হৈছে অসম৷ আনহাতে অসম, পশ্চিম বংগ আৰু মণিপুৰত দেশৰ ভিতৰত সৰ্বাধিক মহিলা ভিক্ষাৰী আছে৷