নলবাৰীঃ সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক যোৱা ০১ আগষ্টত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে৷ বিটিচি সচিবালয়ৰ সমীপৰ তিতাগুৰিৰ এখন টাইলছৰ দোকানত টাইলছ কিনিবলৈ আহোতেই দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰাৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যত আজিও চাঞ্চল্য অব্যাহত আছে।
মটৰচাইকেলত অহা দুষ্কৃতিকাৰীয়ে হেলমেট পিন্ধি দোকানৰ ভিতৰতে শূন্য দূৰত্বৰ পৰা লাফিকুলক গুলীচালনা কৰি নিৰ্বিঘ্নে আঁতৰি যোৱাৰ ২৮ দিন পাৰ হোৱাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিব নোৱাৰাত পুনৰ ৰাজ পথলৈ ওলাই আহিব ধৰিছে ৰাইজ৷