128
জয়সাগৰঃ যোৱা ১১ আগষ্টত তলা বন্ধ কোঠাত দুই সন্তানৰ মাতৃ এগৰাকীৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি শিৱসাগৰত আজিও চাঞ্চল্য অব্যাহত আছে৷ শিৱসাগৰ চহৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ ভাড়াঘৰত দীক্ষা ৰাজকুমাৰী নামৰ মহিলাগাৰকীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ সুৰেণ ৰাজকোঁৱৰৰ কন্যা দীক্ষা ৰাজকুমাৰীৰ একেটা অঞ্চলৰে মাউৎ গাঁৱৰ ৰাজীৱ বৰগোঁহাইৰ সৈতে প্ৰায় ১১ বছৰ পূৰ্ব সামাজিক ভাবে বিবাহ পাশত আবদ্ধ হৈছিল৷