74
কোকৰাঝাৰঃ স্বদেশীৰ শ্লোগান দিয়া পতঞ্জলিয়ে নিশাৰ আন্ধাৰত বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণৰ নামত ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বুধবাৰে নিশা কোকৰাঝাৰ জিলা পতঞ্জলি সমিতিয়ে ম্যাদ উকলি যোৱা খাদ্য-সামগ্ৰী সমূহ বানপীড়িত ৰাইজৰ মাজত বিতৰণ কৰাত আৰু স্বদেশী খাদ্য বুলি বন্যাৰ্তই আগ্ৰহেৰে গ্ৰহণ কৰি সেয়া খোৱাত এতিয়া শিশু, মহিলাকে ধৰি বহ সংখ্যক লোক অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।