মৰিয়ণিঃ একাপ চাহৰ বিনিময় কিমান হ’ব পাৰে৷ পাচ টকা কিম্বা দহ টকা৷ পিছে একাপ চাহৰ বাবদ মাজুলীৰ এজন যুৱকে হেৰুৱাব লগা হ’ল নগদ ত্ৰিশ হাজাৰ টকা আৰু দুটা মোবাইল৷ চলন্ত ৰেলগাড়ীত ঘটিল অঘটন৷
এই ঘটনা ঘটিল মাজুলীৰ গোৱালগাঁৱৰ যুৱক বাবুল নেওগৰ লগত৷ গুৱাহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখনত যোৰহাটলৈ আহি থকা অৱস্থাত চলন্ত ৰেলত সমুখৰ চিটত বহি অহা লোক এজনৰ সৈতে চা-চিনাকি ঘটে৷ পাছত সেই চা-চিনাকিয়ে বন্ধুত্বলৈ পৰ্যবসিত হয়৷ সমুখৰ চিটৰ যাত্ৰীগৰাকীয়ে শেষত একাপ চাহ খোৱাৰ প্ৰস্তাৱ ৰাখে৷ নিশাৰ যাত্ৰাত টোপনিও নাহে৷ সেয়ে নতুন বন্ধুৰ সতে চাহৰ লগে লগে আলাপ কৰিবলৈ বাবুলেও ভালেই পায়৷