কাকপথাৰঃ অসম-অৰুণাচল সীমান্তত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড৷ আৰ এছ এছৰ এজন প্ৰচাৰকৰ বিৰুদ্ধে উত্থাপিত হৈছে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ৷ ইতিমধ্যে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণকাৰী আৰ এছ এছৰ প্ৰচাৰকজনক গ্ৰেপ্তাৰ কৰিছে৷
প্ৰাপ্ত বাতৰি মতে, যোৱা ১৭ আগষ্টত অৰুণাচল প্ৰদেশৰ লাথাও জোনাথী গাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আধাৰ কাৰ্ড সম্পৰ্কীয় কামত নামচাইলৈ আহে৷ সেই সময়তে নামচাই আৰ এছ এছৰ প্ৰচাৰক নৰেন্দ্ৰ সিং (৪৫) নামৰ লোকজনে ছাত্ৰীগৰাকীক অসৎ উদ্দেশ্যে পূৰণৰ বাবে দুই মাইলত থকা বাসগৃহলৈ লৈ যায়৷