90
ডিজিটেল ডেস্কঃ ব্যক্তিগত গোপনীয়তা ৰক্ষাৰ অধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ৷ ঐতিহাসিক ৰায়দানৰ জৰিয়তে এয়া স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে৷
তিনি সপ্তাহ ধৰি চলা তৰ্ক-বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে এই ৰায় দান কৰে মুখ্য ন্যয়াধীশ জে এছ খেহৰ নেতৃত্বাধীন ৯ বিচাৰপতিৰ বিচাৰপীঠে৷ এই ৰায়ৰ ভিত্তিতে এতিয়া আধাৰ কাৰ্ড গোচৰৰ শুনানি হ’ব৷