newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে অনুষ্ঠিত হৈ যোৱা পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত চৰকাৰৰ গঠন কৰাৰ দিশে আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ দল পিটিআই। বুধবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হোৱাৰ পিছতে ভোটগণনা আৰম্ভ হয় আৰু বৰ্তমানেও ভোটগণনা চলি আছে। শেহতীয়াকৈ পিটিআয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে। 

তাৰ লগে লগে বৃহস্পতিবাৰে দুপৰীয়া ৰাষ্ট্ৰক সম্বোধন কৰে তেহৰিক-ই-ইন্সাফ দলৰ মুৰব্বী ইমৰাণ খানে। ইমৰাণে কয় যে মই ভগৱানক ধন্যবাদ যাঁচিছো। ২২ বছৰৰ সংঘৰ্ষ কৰাৰ মূৰকত মোক দেশৰ সেৱা কৰিবৰ বাবে সুযোগ দিলে। এয়া সপোন পূৰণ হোৱাৰ দৰেই।

জিন্নাৰ সপোন পূৰণ কৰিবৰ বাবে তেওঁ ৰাজনীতিলৈ অহা বুলি কয়। পাকিস্তানীয়ে চৰকাৰ পতন হোৱা দেখিছে। নতুন পাকিস্তান বনোৱা মোৰ লক্ষ্য। লোকতন্ত্ৰক শক্তিশালী হোৱা দেখিছোঁ বুলিও কয়।

তেওঁ আৰু কয় যে ২২ বছৰৰ কষ্টৰ সফলতা লাভ কৰিছো। বেলুচিস্তানৰ নাগৰিকক ধন্যবাদ। আল্লাই মোক সুবিধা দিছে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতোঁ  নিৰ্বাচন সফল হৈছে। নিৰাপত্তাৰক্ষীক ধন্যবাদ। আমি দৰিদ্ৰতাৰ সৈতে যুঁজ দিব লাগিব। এয়া আমাৰ বাবে এক প্ৰত্যাহ্বান। চীন দেশ আমাৰ বাবে উদাহৰণ। তেওঁলোকে ৩০ বছৰত ৭০ লাখ মানুহক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে। 

আফগানিস্তানৰ এনেকুৱা দেশ যি খন দেশ সকলোতকৈ বেছি সন্ত্ৰাসবাদৰ বেয়া দিন প্ৰত্যক্ষ কৰিছে। যদি আফগানিস্তানলৈ শান্তি আহিব পাৰে আমাৰ ইয়ালৈ নাহিব কিয়। মই বিচাৰোঁ দুয়ো দেশৰ মাজত সীমা খুলি দিয়া হওক।

এইটো নিকৰ্বাচনত মোক সকলোতকৈ বেছি ব্যক্তিগত আক্ৰমণ কৰা হৈছে। মই ইয়াৰ বিৰুদ্ধে কোনো তদন্ত নকৰোঁ। দেশৰ জনতাক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিম। প্ৰথমে শাসকে নিজৰ বাবে টকা খৰচ কৰিছিল। আজিৰ পৰা এয়া নহ'ব। মই সাধাৰণ ভাৱে থাকিম। ইমান ডাঙৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় নহয় সাধাৰণ আবাস চাই থাকিম। মই জনগণক কৰ মুক্ত কৰিম।

যেনেদৰে ভাৰতীয় মিডিয়াই মোক উপস্থাপন কৰিছে তাৰ দ্বাৰা মই আঘাত পাইছোঁ। মই সেই সকল পাকিস্তানৰ নাগৰিকৰ দৰে যিসকলে ভাৰতৰ সৈতে ভাল সম্পৰ্ক গঢ়িব খোজে। যদি উপ মহাদ্বীপৰ পৰা দৰিদ্ৰতা মুক্ত কৰিব খোজো তেন্তে দুয়ো দেশে ভাল সম্পৰ্ক গঢ়িব লাগিব। ব্যৱহাৰিক সম্পৰ্কও ভাল হ'ব লাগিব। সেনাৰ দ্বাৰা দুয়ো দেশৰ সমস্যা সমাধান নহয়। আলোচনাৰ জৰিয়তেহে সমাধান কৰিব পৰা যাব। ভাৰতে এখোজ আগবাঢ়ি আহিলে আমি দুখোজ আগবাঢ়ি যাম। আমি ভাৰতৰ সৈতে ভাল সম্পৰ্ক গঢ়িব খুজিছোঁ। ভাৰতৰ সৈতে ভাল ব্যৱসায়ীক সম্পৰ্ক গঢ়িব বিচৰোঁ।

কাশ্মীৰৰ লোকে দীৰ্ঘ সময়ৰ পৰা যন্ত্ৰণা ভোগ কৰি আছে। আমি কাশ্মীৰৰ বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰিম। যদি ভাৰতৰ নেতৃত্বই বিচাৰে আমি দুয়ো মিলি সমাধানৰ পথ উলিয়াব পাৰিম। এয়া উপ-মহাদ্বীপৰ বাবে ভাল হ'ব।