গৰৈমাৰীঃ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে দক্ষিণ কামৰূপৰ গৰৈমাৰী বজাৰৰ সমীপৰ বাসিন্দাসকলক। বিশেষকৈ তুলসী কলিতা এম ই স্কুললৈ যোৱা পথটো তেনেই জৰাজীৰ্ণ হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
এজাক বৰষুণতে বোকা-পানীৰে ভৰি পৰা পথটোৰে ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুলভাৱে বিদ্যালয়লৈ আহ-যাহ কৰিবলগীয়া হোৱাত আজি ৰাইজে হাতে হাতে কোৰ লৈ ওলাই আহি পথটো মেৰামতি কৰিবলৈ উঠি-পৰি লাগে।আনিক গাঁঠিৰ ধন খৰছ কৰি ইটাও কিনি আনি পথটোত পাৰি দি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে আহ-যাহ কৰিব পৰা কৰি দিয়ে।