57
ৰঙিয়াঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা মঙলবাৰে গুলীয়াই হত্যা কৰাৰ পাছৰে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ অব্যাহত আছে৷
প্ৰতিবাদৰ গইনা লৈ কোনো পক্ষই যাতে হিংসা বিয়পাব নোৱাৰে তাৰ বাবে সজাগ হৈ পৰিছে ৰঙিয়া আৰক্ষী৷ এই অনুযায়ী কোনো তৃতীয় পক্ষই এই ঘটনাক লৈ হিংসা বিয়পাব নোৱাৰে তাৰ বাবে ৰঙিয়া আৰক্ষীয়ে আজি দল-সংগঠনক আমন্ত্ৰণ কৰি থানা চৌহদত সুৰক্ষা, সজাগত তথা সম্প্ৰীতি সভা অনুষ্ঠিত কৰে।