চাইনবৰ্ড বাগৰি ৩জন লোকৰ মৃত্যু
কমেও ৯ জন গুৰুতৰভাৱে আহত 
যান-বাহনৰ বিস্তৰ ক্ষতি
তদন্তৰ নিৰ্দেশ

newsnextoneপুনে ৫ অক্টোবৰঃ আজি মহাৰাষ্ট্ৰৰ পুনেৰ শিৱাজী নগৰ ৰেলৱে ষ্টেচনৰ ওচৰত বিজ্ঞপন কোম্পানীৰ বৃহৎ চাইনবৰ্ড বাগৰি পৰাৰ ফলত কমেও ৩জন লোকৰ মৃত্যু হয় আৰু ৯জন লোক আহত হয়৷ চাইনব’ৰ্ডখন চলন্ত যান-বাহনৰ ওপৰতেই বাগৰি জৰাৰ ফলত কমেও ৯-১০ খন যান-বাহনৰ ক্ষতি হয় বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে৷
এই দূৰ্ঘটনাতো ঘটাৰ লগে লগে ৰেল আৰক্ষী আৰু অগ্নি-নিৰ্বাপক বাহিনীৰ জোৱানে দূৰ্ঘটনাগ্ৰস্থ লোকসকলক চিকিৎসালয়লৈ প্ৰেৰন কৰে৷ প্ৰশাসনে উক্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷