চণ্ডীগড়ঃ কৰ’না ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশে ‘লকডাউন’ পালন কৰি থকাৰ সময়তে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ দোকান-বজাৰ খোলা ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ ন্যায়ালয়ে পুৱা ১০ বজাৰ পৰা আবেলি ৬ বজালৈ দোকান-বজাৰসমূহ খোলা ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে৷
উল্লেখ্য যে পঞ্জাৱ আৰু চণ্ডীগড়ৰ প্ৰশাসনে ‘লকডাউন’ৰ সময়চোৱাত ৰাজ্যদুখনৰ দোকান-বজাৰবিলাক বন্ধ ৰাখিবলৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদন ন্যায়ালয়ে খাৰিজ কৰি এই নিৰ্দেশ দিয়ে৷