নতুন দিল্লীঃ 'মই ভাৰতৰ সেইসকল দুৰ্ভগীয়াৰ মাজৰ এজন যিসকল কৰ’না ভাইৰাছত প্ৰথমেই আক্ৰান্ত হৈছিল। সম্প্ৰতি মই সম্পূৰ্ণৰূপে সুস্থ। চৈধ্য দিনৰ পাছত মই এতিয়া ঘৰলৈ উভতিছো। এতিয়া মই সকলোকে ক’ব খোজো যে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হোৱাৰ অনুভৱ কৰিলেই বিনা সংকোচে কোনো ভয় ভাৱ নৰখাকৈ চিকিৎসকৰ কাষ চাপক, চিকিৎসকৰ ওপৰত ভৰসা ৰাখক।'-এই মন্তব্য উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী অমিত কাপুৰৰ।

অমিত কাপুৰ যেতিয়া নিজৰ ভাতৃৰ সৈতে ইটালীৰ পৰা উভতি আহিছিল তেওঁৰ পৰিয়ালৰ ১১ জন সদস্যৰ যোৱা দুই মাৰ্চত কৰ’না ভাইৰাছৰ টেষ্ট কৰোৱা হয়। টেষ্টটোত পৰিয়ালটোৰ ৬ জনকৈ সদস্যৰ দেহত ভাইৰাছবিধৰ সংক্রমণ ধৰা পৰে। সেই সকলৰ ভিতৰত তেওঁৰ ৭৩ বছৰীয়া পিতৃ, ৬২ বছৰীয়া মাতৃ, ৪৪ বছৰীয়া ভাতৃ, ১৬বছৰীয়া পুত্ৰ আৰু ৩৮ বছৰীয়া তেওঁ নিজেও। যেতিয়া প্ৰথমে ভাইৰাছৰ সংক্ৰমণৰ কথা স্পষ্ট হ’ল তেতিয়া তেওঁৰ পৰিয়ালটো সম্পূৰ্ণৰূপে মানসিকভাৱে ভাঙি পৰিছিল আৰু ভয় আৰু শংকাত ম্ৰিয়মান হৈ পৰিছিল। 

হাস্পতালত ১৫ দিন

অমিত কাপুৰে আৰু কয়, 'আমাৰ দেহত পজিটিভ ধৰা পৰাৰ পিছতে আমাক দিল্লীৰ ছফদৰগঞ্জ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আমাৰ পৰিয়ালৰ ৬ জন লোকক সুকীয়া সুকীয়াকৈ ৰখা হৈছিল। আমি ইজনে আনজনক লগো কৰিব পৰা নাছিলো। চিকিৎসকসকলে আমাক সাহস দিছিল। আমাক ভয় নকৰিবলৈ কৈছিল।’

'আৰম্ভণিতে আমি বহুত ভয় খাইছিলো। ভাবি পোৱা নাছিলো আগলৈ আৰু কি হ’ব? গাত খজুৱতি হৈছিল। এনে লাগিছিল যেন গোটেই গাত কৰ’না ভাইৰাছবোৰে পিলপিলাই ফুৰিছে। কিন্তু ৩-৪ দিন পিছত লাহে লাহে সকলো ভাললৈ আহিছিল। আমি সকলোৱে সুস্থ হ’বলৈ আৰম্ভ কৰিছিলো। ১৫ দিন হাস্পতালতে কটালো। সুস্থ হোৱাৰ পিছত দুবাৰকৈ টেষ্ট কৰিলে। দুয়োটা টেষ্টতে নিগেটিভ পোৱাত আমাক সকলোকে ৰিলিজ দিলে। আমি আটায়ে স্বস্তিৰ নিশ্বাস পেলাই ঘৰলৈ গুচি আহিলো।’-কাপুৰে কয়।

এতিয়া ভাৰতৰ ১০০ জন সুস্থ হোৱা কৰ’না ৰোগীৰ ভিতৰত অমিত কাপুৰৰ পৰিয়ালটোও অন্যতম। ১৫ দিন চিকিৎসালয়ত সুস্থ হৈ থকা অমিত কাপুৰৰ মতে কৰ’নাক লৈ সতৰ্ক হৈ থকাৰহে প্ৰয়োজন আছে, ভয় খোৱাৰ কোনো কাৰণ নাই। 

সুস্থ চিন্তা আৰু ডাক্তৰৰ ওপৰত ভৰসা

ৰাজধানী দিল্লীত কৰ’না ভাইৰাছ আক্ৰান্ত ৪৫ বছৰীয়া ৰোহিত দত্ত। সুস্থ হোৱাৰ সময়ত বিবিচি হিন্দী আৰু এনডিটিভিৰ সৈতে হোৱা কথোপকথনত তেওঁ কয় যে ইটালীৰ পৰা উভতি অহাৰ পাছত ২৯ ফেব্ৰুৱাৰীত তেওঁক দিল্লীৰ ছফৰদগঞ্জ হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসাৰ অন্তত সুস্থ হৈ পৰাত ১৪ মাৰ্চত তেওঁক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়।

ৰোহিত দত্তৰ মতে তেওঁৰ কাঁহ অত্যাধিক আছিল। 'ডাক্তৰে দুই তিনি দিনতে মোৰ জ্বৰ ভাল কৰি দিছিল আৰু কাঁহৰ পৰাও পৰিত্ৰাণ পাবলৈ ধৰিছিলো। কৰ’না হোৱাত ভয় খাইছিলো। কিন্তু মই জানিছিলো যে চিকিৎসকে সকলো ঠিক কৰিবলৈ সমৰ্থ হ’ব। কাৰণ চিকিৎসকে মোৰ ইমান কেয়াৰ লৈছিল যে মোৰ ভয় নাইকিয়া হৈ পৰিছিল। মই আছিলো দিল্লীৰ প্ৰথম কৰ’না আক্ৰান্ত ব্যক্তি। সেয়ে স্বাস্থ্য বিভাগেও প্ৰতিটো মুহূৰ্ততে মোৰ খবৰ ৰাখিছিল।’-দত্তই কয়।

'মোৰ ভাব হ’বলৈ ধৰিছিল যে মই সুস্থ হৈ পৰিছো। চিকিৎসাৰ সময়ত ডাক্তৰৰ সকলো পৰামৰ্শ মই পালন কৰিছিলো। কোনো আপত্তি কৰা নাছিলো, তৰ্কত লিপ্ত হোৱা নাছিলো। কেৱল চিকিৎসকক ভৰসা কৰিছিলো। মই এই ভাইৰাছত আক্ৰান্তসকলক ক’ব খোজো মানসিক ভাৱে সম্পূৰ্ণৰূপে যোগাত্মক হৈ থাকক। কিয়নো ইতিবাচক চিন্তাৰেহে যুদ্ধত জয়ী হব পাৰি। লগতে ডাক্তৰৰ ওপৰত বিশ্বাস ৰাখক।’-এইদৰে কয় দিল্লীৰ কৰ’নাত আক্ৰান্ত প্ৰথমগৰাকী ব্যক্তিয়ে।

প্ৰতি ১০০জন ব্যক্তিৰ ভিতৰত ৮০জনেই সুস্থ হয়

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ হাৰিয়ানাৰ গুৰুগ্ৰামত চিকিৎসাধীন হৈ থকা ১৪ জন ইটালীৰ পৰ্যটকক চিকিৎসাত ব্যস্ত চিকিৎসক ডাঃ সুশীলা কাটাৰীয়াৰ মতে এই ভাইৰাছত আক্ৰান্ত হোৱাক লৈ কোনো ৰোগীয়ে ইমানকৈ ভয় খোৱাৰ প্ৰয়োজন নাই। 'কৰ’নাত আক্ৰান্ত হ’লে কোনেও ভাবিব নালাগে যে এয়া যমদূতৰূপী ভাইৰাছ আৰু তেওঁৰ মৃত্যু অনিবাৰ্য। কৰ’নাত আক্ৰান্ত হ’লেও সুস্থ হৈ উঠিব পাৰি।’-চিকিৎসকগৰাকীয়ে কয়।

'১০০ জন কৰ’না আক্ৰান্ত ব্যক্তিৰ ৮০ জনেই উপযুক্ত চিকিৎসাত সুস্থ হৈ উঠে। বাকী ২০ জন আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত চিকিৎসালয়ত উন্নত চিকিৎসাৰ প্রয়োজন আছে। ইয়াৰে আধা সংখ্যকেই নৰমেল ৱাৰ্ডত থাকিয়েই আৰোগ্য লাভ কৰে। বাকী আধা অৰ্থাৎ মাত্ৰ ১০ শতাংশ লোকৰ ক্ষেত্ৰতহে আইচিইউৰ প্ৰয়োজন হয়। ইয়াৰে ৫ শতাংশ লোকক ভেন্টিলেটৰৰ প্ৰয়োজন হয়। যদি উপযুক্ত চিকিৎসা কৰা নহয় বা সময়মতে চিকিৎসা নাপাই তেতিয়া অৱশ্যে এই ১০০ জনৰ দুই বা তিনিজন লোক মৃত্যমুখত পৰে।’-কৰ’নাক লৈ ইমান উদ্বিগ্ন নহৈ কেৱল সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই এইদৰে কয় চিকিৎসকগৰাকীয়ে।

সুশীলা কাটাৰীয়াই আৰু জনাই যে সাৱধানতাই আমাক মৃত্যুৰ পৰা বচাব পাৰে। আনহাতে সামান্য অসাৱধানতাৰ বাবেই এই ভাইৰাছৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা বাঢ়ি যায় বুলিো তেওঁ মন্তব্য কৰে। 'হঠাৎ যদি বহুলোকে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তেনেহ’লেহে ৰোগীক সুস্থ কৰাত বেমেজালিৰ সৃষ্টি হ’ব পাৰে। মৃত্যুৰ সংখ্যা বাঢ়িব পাৰে উপযুক্ত চিকিৎসাৰ অভাৱত। কিয়নো আমাৰ স্বাস্থ্য ব্যৱস্থাৰ লোড লোৱাৰ কেপাচিটি কিমান সেয়া সকলোৱে জানেই। সেয়ে সতৰ্কতাই আমাক বচাই ৰাখিব।’-চিকিৎসকগৰাকীয়ে কয়।

উল্লেখ্য যে ভাৰতৰ লগতে আন দেশতো এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও বহুলোকে সুস্থ হৈ ঘৰলৈ উভতিছে। পৃথিৱীত এতিয়া লাখতকৈও অধিক লোক সুস্থ হৈ উঠিছে। কেৱল ইটালিতে শনিবাৰৰ দিনা ২৪ ঘণ্টাত ৯২৫ জন লোকে উপযুক্ত চিকিৎসাৰ বাবে সু্স্থ হৈ উঠিছে। মহামাৰী বিশেষজ্ঞসকলেও জনাইছে যে যিমানে সতৰ্ক হৈ থাকিব আৰু অনাহক ভয় খোৱাৰ পৰিৱৰ্তে ইতিবাচক চিন্তাৰে উদ্বুদ্ধ হৈ থাকিব সিমানেই মানুহে কৰ’নাক জয় কৰাৰ ক্ষমতা বৃদ্ধি পাব। 

(ওপৰৰ ফটোত বাওফালৰজন ৰোহিত আৰু সোফালৰজন অমিত।)