কামপুৰঃ নীৰৱ মোডী নহয়, এইবাৰ অসমৰ বাহাৰুল৷ নগাওঁ জিলাৰ পঞ্জাৱ নেচনেল বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰত সাধাৰণ গ্ৰাহকক ঋণ দিয়াৰ প্ৰলোভনেৰে লুটিলে হাজাৰ হাজাৰ টকা৷ পাঞ্জাৱ নেচনেল বেংকৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত কৰি বিদেশত পলাই থকা নীৰৱ মোডীৰ দৰেই কামপুৰৰ বাহাৰুলো বৰ্তমান পলাতক৷
জানিব পৰা মতে, নগাঁও জিলাৰ কামপুৰ ৰহা শাখাৰ অন্তৰ্গত চেঙাজানত থকা পঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বাহাৰুল ইছলাম নামৰ এজন লোকে সংঘটিত কৰিছে ব্যাপক ঋণ কেলেংকাৰী৷ অভিযোগ অনুসৰি, বাহাৰুল ইছলামে চেঙাজান অঞ্চলৰ বহু লোকক কৃষি আৰু ব্যৱসায়ী ঋণ দিয়াৰ নামত সংঘটিত কৰি আহিছে কেলেংকাৰী৷