গোৰেশ্বৰঃ অহা ১০ মাৰ্চত সমগ্ৰ দেশতে মুক্তি লাভ কৰিব অসমৰ স্বাধীনতা সংগ্ৰামী কনকলতাৰ জীৱন আধাৰিত হিন্দী ছবি 'পূৰব কী আৱাজ'। গোৰেশ্বৰত প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰি চিনেমাখনৰ প্ৰয়োজক লোকনাথ ডেকাই ছবিখনৰ বিভিন্ন দিশ সামৰি কয় যে 'পূৰব কী আৱাজ' সঁচা অৰ্থত উত্তৰ-পূববাসীৰ সমস্বৰ। 

প্ৰথমবাৰৰ বাবে হিন্দী কথাছবিত নাগাৰা নাম। কৰ মুক্ত কৰিবলৈ চৰকাৰক অনুৰোধ ।

চিনেমাখনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মনৰ কথা ভাৰতীয় লোকে শুনিবলৈ পাব বুলিও কয় গোৰেশ্বৰ নিবাসী প্ৰযোজক ডেকাই। তেওঁ আৰু কয় যে ছবি খনত অসমৰ লোক-কৃষ্টি সঠিক ভাৱে তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰযোজকগৰাকীয়ে জনোৱা মতে বিহু গীতৰ লগতে নাগাৰা নামো ব্যৱহাৰ কৰা হৈছে ছবিখনত। 

কনকলতাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনে ভাৰতীয় স্বাধীনতা অন্দোলনত অসমৰ অৰিহণাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথমবাৰৰ বাবে বলিষ্ঠ ভাৱে তুলি ধৰিবলৈ এয়া এক বিনম্ৰ প্ৰয়াস বুলি প্ৰকাশ কৰে প্ৰযোজক ডেকাই। উল্লেখ্য যে চন্দ্ৰ মুদৈৰ পৰিচালনাত ছবি খনে মুক্তিৰ পূৰ্বেই বলীউডত বিশেষ চৰ্চা লাভ কৰাৰ লগতে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।

ছবিখনক ভাৰতৰ আন ৰাজ্যৰ লগতে অসমৰ ৰাইজকো আদৰি ল'বলৈ অনুৰোধ জনায় প্ৰয়োজকগৰাকীয়ে। আজিৰ সংবাদ মেলত গোৰেশ্বৰৰ কেবাজনো সাংস্কৃতিক উদ্যোগীৰ লগতে সাংস্কৃতিক কৰ্মীয়ে তেওঁৰ প্ৰচেষ্টাৰ শলাগ লয়। অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সোণবৰ বৰুৱা আৰু ধৰ্মকান্ত ৰাজবংশীয়ে সংবাদ মেলত উপস্থিত থাকি ছবিখনক কৰ মুক্ত কৰি দিবলৈ চৰকাৰক অনুৰোধ জনায়।