গুৱাহাটীঃ ছহিদ কনকলতাৰ জীৱন আধাৰিত ছবিয়ে মুক্তি পাব ১০ মাৰ্চত। পূৰব কী আৱাজ নামৰ চলচ্চিত্ৰখনত সামৰি লোৱা হৈছে ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ সমস্ত ঘটনাৱলী।

যশস্বী পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত লোকনাথ ডেকাই প্ৰযোজনা কৰা ছবিখনৰ বিশেষ দৰ্শনী ৪ মাৰ্চত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

এই বিশেষ দৰ্শনীত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, অভিনেতা নিপন গোস্বামী, বিজু ফুকনকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি। চিত্ৰায়ণত সন্তুষ্ট মুখ্যমন্ত্ৰীয়ে চলচ্চিত্ৰখন উপভোগ কৰিবলৈ অসম তথা ভাৰতৰ ৰাইজক আহ্বান জনাইছে।