52
newsnextone.com।ডিজিটেল ডেস্কঃ এছিয়ান গেমছৰ বেডমিণ্টন ইভেণ্টৰ মহিলাৰ ছিংগলছৰ ফাইনেলত পৰাস্ত হয় পিভি সিন্ধু। স্বৰ্ণ জয়ৰ যুঁজখনত ভাৰতীয় শ্বাটলাৰগৰাকী পৰাভূত হয় বিশ্বৰ ১ নং খেলুৱৈ চীনৰ টাই ঝু ইয়িঙৰ হাতত।
মঙলবাৰে অনুষ্ঠিত খেলখনত সিন্ধুৱে জয়ৰ বাবে সম্পূৰ্ণ চেষ্টা চলাইছিল যদিও বিশ্বৰ ১ নং খেলুৱৈগৰাকীৰ হাতত ২১-১৩, ২১-১৬ ব্যৱধানত পৰাজয় বৰণ কৰে। ফলত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈ পৰে শ্বাটলাৰগৰাকী।