newsnextone.com | নামতিঃ ‘পৰিৱৰ্তন’ মাথো এক মিছা শ্ল’গান হৈ ৰব নেকি? অসমৰ সৰ্বপ্ৰকাৰৰ ৰাইজে বিচৰা ‘পৰিৱৰ্তন’ এক সমালোচনা কৰাৰ শব্দহে হৈ থাকিল নেকি৷ কেৱল পৰিৱৰ্তন শব্দৰে ২০১৬ চনত সকলো সলনি কৰি কংগ্ৰেছক ধৰাশয়ী কৰিছিল অগপ, বিজেপি আৰু বিপিএফে৷ সকলো দিশত পৰিৱৰ্তন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ ফলতে অগপ, বিজেপি আৰু বিপিএফে লাভ কৰিছিল বৃহৎ সফলতা৷
ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, কৃষি খণ্ড, জাতিৰ সুৰক্ষা, বিদেশী বহিস্কাৰ আদি কৰাৰ প্ৰতিশ্ৰুতি দি অগপ, বিজেপি আৰু বিপিএফে দিছপুৰত চৰকাৰ গঠন কৰাৰ ২৬টা মাহ পাৰ হ’ল যদিও পৰিৱৰ্তন আজিলৈ সম্ভৱ হোৱা নাই৷ পৰিৱৰ্তনৰ নামত কেৱল চমক সৃষ্টি কৰা হয়৷ মুঠৰ ওপৰত অসমৰ গ্ৰাম্য এলেকাৰ লোকে পৰিৱৰ্তনৰ মুখ আজিলৈ দেখা নাই৷ আজিও এজাক বৰষুণতে মানুহে হাতত চেণ্ডেল হৈ খোজকাঢ়িব লগা হয়৷ ইমানে নহয় গ্ৰাম্য এলেকাৰ বহু চৰকাৰী অনুষ্ঠান যোৱা ২টা বছৰত ধ্বংস হোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে৷