newsnextone.com | গোৰেশ্বৰঃ নিৰ্মাণৰ পিছতে চকলা-চকলে এৰি গৈছিল বাইহাটা চাৰিআলি ৰামগাঁও-নাগ্ৰিজুলি পথ৷ দুদিন পূৰ্বে সংঘটিত হৈছিল এই ঘটনা৷ ৰাইজে ওলাই আহি দিছিল প্ৰতিবাদ কৰাৰ হুংকাৰ৷ তাৰ পিছত ৰাইজৰ ৰোষত পৰাৰ ভয়ত অভিযন্তা-ঠিকাদাৰ আহি ওলাল বুধবাৰে৷ ঠিকাদাৰ-অভিযন্তাৰ অহাৰ খবৰ লাভ কৰি সমবেত হ’ল ৰাইজ৷ তাৰ পিছতে ৰাইজৰ এটাৰ পিছত এটা প্ৰশ্ন৷ ৰাইজৰ প্ৰশ্নত উত্তাৰ দিব নোৱাৰি
নিজৰ গাফিলতি ঢাকিবলৈ অভিযন্তাই ৰাইজক বুজালে বিটুমিন কেনেকুৱা বস্তু৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে ঠিকাদাৰ-অভিযন্তাই৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি কপালৰ ঘাম মচিব লগা হ’ল ঠিকাদাৰ-অভিযন্তাই৷ বুধবাৰে ৰঙিয়া গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ভূপেন ডেকা, গোৰেশ্বৰ গডকপ্তানি কাৰ্যালয়ৰ সহঃ অভিযন্তা দীপক মজুমদাৰ আৰু ঠিকাদাৰ প্ৰভু আগৰৱালাই বাইহাটা চাৰিআলি-ৰামগাঁও-নাগ্ৰীজুলি গড়কাপ্তানি পথ পৰিদৰ্শন কৰিবলৈ আহি ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে।