newsnextone.com | নগাঁওঃ যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মন অপৰিসীম উৎসাহ-আনন্দ তথা আৱেগেৰে ভৰি পৰে৷ সদ্যঘোষিত দুটা পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰো সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট কৃতীত্ব সহকাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷
এনে ফলাফলত স্বাভাবিকতেই সকলোৱেই উৎফুল্লিত হৈ পৰেছে যদিও জিলাখনৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা একাংশ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক আৰু স্নাতক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিবলৈ যাঁওতে একপ্ৰকাৰে বিপাঙত পৰিছে৷ কিয়নো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত জিলাখনৰ বেবেজীয়া, জাজৰি, ৰাইদঙয়ীয়া, চকলাঘাট, কাছমাৰী, বৰচিলা, মাজগাঁও, কাকমাৰী, হাতীচোং, ভালুকমাৰী, দক্ষিণপাট, বৰক’লা, হাতীগড়, ঘাঁহী, ম’হমৰীয়া, শেনচোৱা, ডিমৌ, শেতালী অঞ্চল৷