Home ৰাজ্যৰাভা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিক স্মৰণ

ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিক স্মৰণ

by News Desk
98 views
A+A-
Reset

ধুবুৰীঃ বিটিচিৰ পৰ্ব্বতঝোৰা মহকুমাৰ বৰশীঝোৰাত ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত জগত কামা ৰাভাক ৰাইজে সোমবাৰে ৰাইজে স্মৰণ কৰে৷ ১০ নৱেন্বৰত মৃত্যু হৈছিল ৰাভা সাহিত্য সভাৰ সভাপতি প্ৰয়াত জগত কামা ৰাভাৰ৷ ১৯৫৫ চনত জন্ম গ্ৰহন কৰা ৰাভাই ১৯৭১ চনৰ পৰা শিক্ষকতা কৰাৰ লগতে সাহিত্য চৰ্চা কৰি গৈছিল৷

এগৰাকী শিক্ষক তথা সাহিত্যিক হিচাপে পৰিচিত সকলোৰে আদৰৰ আছিল ৰাভা৷ কামা ৰাভাই শিক্ষকতাৰে পোহৰ বিলাই ৰাভা সম্প্ৰদায়ৰ উন্নয়ণৰ বাবে চিন্তা চৰ্চা কৰিছিল৷ ১৯৭২ চনত গোৱালপাৰা ৰাভা ছাএ সন্থাৰ জন্ম দিয়াত তেও জড়িত আছিল৷ তেওৰ সম্পাদনাত কেইবাখনো গ্ৰন্থ-আলোচনী প্ৰকাশ পোৱাৰ লগতে তেওৰ গ্ৰন্থও প্ৰকাশ পায়৷ তেওৰ আত্মাৰ চিৰশান্তি কামনাৰে বৰশিঝোৰাত নিজ বাস ভৱনত আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত অঞ্চলটোৰ বহু লোক উপস্থিত থাকি ৰাভাক স্মৰণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0