144
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৫৮ তম জন্ম জয়ন্তী অহা ৯-১০ মে’ত দুদিনীয়াকৈ আয়োজন কৰা হৈছে।
গোৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ’বলগীয়া ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ সভাপতি নিৰ্মল দেৱনাথ আৰু সম্পাদক মদন সাহাই জানিবলৈ দিয়া মতে, বৰ্ণিল কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হ’ব।