অধিবক্তা মনোহৰ লাল শৰ্মাৰ উচ্চতম ন্যায়ালয়ত PIL দাখিল
ৰাফেল যুজাৰু বিমান ক্ৰয় চুক্তি সম্পৰ্কীয় সকলো তথ্য বিষয়ক সকলো তথ্য বিচাৰিলে উচ্চতম ন্যায়ালয়ে
৩৬খন ৰাফেল যুজাৰু বিমান ক্ৰয়ৰ ক্ষেত্ৰত দূৰ্নীতি হৈছে বুলি দাৱী আৱেদনকাৰীৰ 

ডিজিটেল ডেক্স,নতুন দিল্লীঃ  ৰাফেল যুজাৰু বিমান ক্ৰয় চুক্তি সম্পৰ্কীয় সকলো তথ্য বিচাৰিলে উচ্চতম ন্যায়ালয়ে। চৰকাৰে এই মাহৰ ২৯ তাৰিখৰ ভিতৰত বন্ধ খামৰ ভিতৰত এই তথ্য আদালতত জমা দিব লাগিব। অধিবক্তা মনোহৰ লাল শৰ্মাই দাখিল কৰা এখন আৱেদনৰ উত্তৰত উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি ৰঞ্জন গগৈৰ আজি এইবুলি কয়। আবেদনকাৰী এম এল শৰ্মাই দাৱী কৰে যে ৫৯০০০ কোটি টকা খৰচ কৰি ৩৬খন ৰাফেল বিমান ক্ৰয়ৰ চুক্তিত দূৰ্নীতি হৈছে।

আনফালে ভাৰত চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা কে কে বেনুগোপালে মন্তব্য কৰে যে এই বিষয়তোৰ তথ্যবোৰ দেশৰ নিৰাপত্তাৰ লগত জড়িত আৰু নিৰ্বাচনৰ আগে আগে এই ইচ্ছুটো ব্যৱহাৰ কৰা হৈছে৷