ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰ অব্যাহত থকাৰ সময়তে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক লৈ ভাইৰেল হোৱা আন এক বাতৰিয়ে এতিয়া ছচিয়েল মাধ্যমসমূহ উত্তপ্ত কৰি ৰখা দেখিবলৈ পোৱা গৈছে৷ ছচিয়েল মিডিয়াত ৰাহুল গান্ধীৰ ফটোৰ লগতে এয়াও প্ৰচাৰ হৈছে যে দেশৰ শক্তিশালী ৰাজনৈতিক সকলৰ অন্যতম কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে অতি সোনকালে বিয়াত বহিব৷
ছোনীয়া গান্ধীৰ সংসদীয় ক্ষেত্ৰ ৰায়বৰেলীত সৰ্বপ্ৰথম হোৱাটছাপ যোগে এই বাতৰি ফটো সহিত প্ৰচাৰ হয়৷ বাতৰি মতে অতি সোনকালে কংগ্ৰেছ বিধায়িকা অদিতি সিঙৰ সৈতে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ বিবাহ সম্পন্ন হ’ব৷ আনকি ৰাহুল গান্ধীয়ে মাতৃ ছোনীয়া গান্ধীৰ সৈতে হ’বলগীয়া শহুৰৰ ঘৰলৈও অহা যোৱা কৰি থকা বুলি ছচিয়েল মিডিয়াত গুজব চলিছে৷