নগাঁওঃ নগাঁও জিলাৰ ৰাইদঙীয়া আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত কৰচুং ছহিদ স্মৃতি খেলপথাৰত অনুষ্ঠিত হোৱা কৃষ্ণকান্ত ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী চলন্ত কাপ ফুটবল প্ৰতিযোগিতাত ভোমোৰাগুৰি লালুংগাঁও ফুটবল ক্লাৱে চেম্পীয়নৰ খিতাপ অৰ্জন কৰিছে৷

দেওঁবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ অন্তিমখন খেলত ভোমোৰাগুৰিয়ে চকলাঘাট ইয়ং ষ্টাৰ ক্লাৱক ৩-০ গ’ল ব্যৱধানত পৰাস্ত কৰে৷ খেলখনত বিজয়ী দলৰ হৈ হানান কাকতি, নয়ন বৰদলৈ আৰু অমৰজ্যোতি বৰদলৈয়ে একোটাকৈ গ’ল দিবলৈ সক্ষম হয়৷

খেলখন স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই সুধাকণ্ঠৰ চিৰযুগমীয়া এটি গীত পৰিবেশনৰে ফুটবলত কিক মাৰি উদ্বোধন কৰে৷ খেলখন পৰিচালনা কৰাত ৰূপম বৰদলৈক সহায় কৰে ৰঞ্জিত বৰা, ৰত্নেশ্বৰ বৰদলৈ আৰু জগত জ্যোতি দাসে (চতুৰ্থ)৷

খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত সমাজকৰ্মী উমাকান্ত বৰা, নৱ কুমাৰ বৰা, গোবিন দাস, মিত্ৰদেৱ মহন্ত, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাস, অতুল পাতৰ, প্ৰমোদ দাস, হাতীচোং জিলা পৰিষদৰ সদস্য ৰোহিনী বৰাকে প্ৰমুখ্য কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকি বঁটা বিতৰণ কৰে৷ ইফালে, খেলৰ আৰম্ভনিতে উদ্যোক্তা সমিতিয়ে জ্যেষ্ঠ সাংবাদিক সমীৰ হাজৰিকা, জয়ন্ত মুদৈ, ৰাহুলদেৱ বৰদলৈ, বেদব্ৰত ৰাজা আৰু প্ৰাঞ্জল বৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷