47
ডিজিটেল ডেস্কঃ নহৰু কি? পাচলি নে মচলা? খাদ্য আৰু যোগান বিভাগৰ কোনো চাকৰিৰ সাক্ষাৎকাৰত যদিহে এই প্ৰশ্ন সোধে তেন্তে কি ক’ব? চিন্তাৰ কোনো কাৰণ নাই৷ চাকৰিৰ সাক্ষাৎকাৰত আপুনি সদ্যহতে এনে প্ৰশ্নৰ সন্মুখীন হোৱাৰ কোনো সম্ভাৱনা নাই৷ কিয়নো নহৰু প্ৰকৃততে কি সেই লৈ চৰকাৰ নিজেই সন্দিহান৷
কেৱল সন্দিহানেই নহয়, এইক্ষেত্ৰত সৰ্বসাধাৰণকো বিমোৰত পেলাইছে চৰকাৰে৷ নহৰুক লৈ এনেদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে কেন্দ্ৰ চৰকাৰ৷