ডিজিটেল ডেস্কঃ এইবাৰ অস্কাৰ বুটলাৰ দিশে অগ্ৰসৰ হৈছে ৰাজকুমাৰ। বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ভাৰতৰ পৰা মনোনীত হৈছে ৰাজকুমাৰৰ সদ্যমুক্তি প্ৰাপ্ত বোলছবিখন৷ চি. বি ৰেড্ডিৰ অধ্যক্ষতাত ফ্লিম ফেডাৰেশ্যন অৱ ইণ্ডিয়াই ২৬ ভাৰতীয় ভাষাৰ ভিতৰত ৰাজকুমাৰৰ বোলছবিখন বাছনি কৰে৷
অস্কাৰলৈ মনোনীত হোৱাৰ পিছতে ৰাজকুমাৰে সুখ ব্যক্ত কৰি ছ’চিয়েল মিডিয়াত এই খবৰ ৰাজহুৱা কৰে৷ এই বছৰটোক নিজৰ বাবে এক সাফল্যমণ্ডিত বছৰ হিচাপে পৰিগণিত হৈছে বুলিও মন্তব্য কৰে অভিনেতাগৰাকী৷