ডিজিটেল ডেস্কঃ অভিনয় জগতৰপৰা ৰাজনীতিলৈ অহা নেতাৰ তালিকা গণি শেষ কৰিব নোৱাৰি। কিন্তু চুপাৰষ্টাৰ ৰজনীকান্তক ৰাজনীতিৰ ক্ষেত্ৰখনত চোৱাৰ হেপাহ তেঁওৰ অনুৰাগীতো বাদেই, ৰজনীকান্তৰ নাম শুনা সাধাৰণ মানুহৰ এজনৰ বাবেও এক কৌতুহলৰ বিষয়। 

এই কৌতুহলৰে ওৰ পেলাই সুদীৰ্ঘ ৮ বছৰৰ মুৰত অনুৰাগীৰ সৈতে কথা-বতৰাত ৰাজনীতি সন্দৰ্ভত নিজৰ মনৰ কথা ব্যক্ত কৰিছে ৰজনীকান্তে। 

সোমবাৰে চেন্নাইৰ ৰাঘবেন্দ্ৰ বিবাহ ভৱনত ৭০০ জন অনুৰাগীৰ সৈতে হোৱা আলাপত ৰজনীকান্তে কয় যে তেওঁৰ কোনোধৰণৰ ৰাজনৈতিক উচ্চাকাংক্ষা নাই। কিন্তু ইশ্বৰে বিচাৰিলে তেঁও ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিব পাৰে। 

ৰাজনৈতিক ক্ষেত্ৰখনত মই জনসাধাৰণৰ বিশ্বাসযোগ্যতা ৰক্ষা কৰি চলিব বুলি মনৰ কথা কোৱা ৰজনীকান্তে এই কথাও কয় যে টকাৰ বাবে অহা ৰাজনীতিবিদক কোনো কাৰণতে তেওঁ প্ৰশ্ৰয় নিদিয়ে।