newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত খোৰাঘাট টিপকাই নৈত জাপ দিয়া ৰাজু আলী নামৰ যুৱকজনৰ মৃতদেহ বৰ্তমানলৈও উদ্ধাৰ কৰিব পৰা উদ্ধাৰকাৰী দলে। যোৱা প্ৰায় ৩০ ঘণ্টা ধৰি আৰক্ষীৰ সহযোগত এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও নৈৰ পানীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে অভিযানত সফলতা লাভ কৰা নাই।
জানিব পাৰ মতে, বিলাসীপাৰাৰ বগৰীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত খোৰাঘাট টিপকাই নৈৰ পাৰত দীৰ্ঘদিনৰ পৰা জুৱা খেল চলি থকাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই। অভিযানত কালত নৈৰ পাৰত কেইবাগৰাকী লোকে জুৱা খেলি থকা প্ৰত্যক্ষ কৰিছিল আৰক্ষীয়ে। লগে লগে আৰক্ষীয়ে চোচা লৈ জুৱাৰী কেইজনক ধৰিবলৈ চেষ্টা চলাই যদিও ইয়াৰে তিনি যুৱকে নৈক জপিয়াই আৰক্ষীৰ পৰা বাচিব খোজে।