মুম্বাইঃ আদালতত হাজিৰ নোহোৱাৰ অপৰাধত জাৰি হৈছিল গ্ৰেপ্তাৰী পৰোৱানা৷ এই গ্ৰেপ্তাৰী পৰোৱানা অনুযায়ী কালিয়েই পঞ্জাৱ আৰক্ষীৰ এটা দলে অভিনেত্ৰী ৰাখী সাৱন্তক গ্ৰেপ্তাৰৰ বাবে মুম্বাই অভিমুখে ৰাওনা হয়। অৱশেষত আজি মুম্বাইৰ পৰা আৰক্ষীৰ বিশেষ দলটোৱে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে৷
প্ৰাপ্ত বাতৰি মতে, লুধিয়ানাৰ এখন আদালতত ৰাখীক লৈ বিচাৰ চলিছিল৷ ৰামায়ণৰ ৰচয়িতা বাল্মিকীক লৈ এটা বেচৰকাৰী টিভি চেনেলৰ অনুষ্ঠানত ‘আপত্তিকৰ’ মন্তব্য কৰিছিল ৰাখীয়ে৷ তাতেই ক্ষুব্ধ হৈ পৰে বাল্মিকী সম্প্ৰদায়ৰ লোকসকল৷