অৱশেষত প্ৰতীক্ষাৰ অন্ত পৰিল। দশক দশক ধৰি এক ৰাজনৈতিক আৰু আৱেগিক বিষয় হিচাপে পৰিগণিত হৈ অহা অযোধ্যাৰ ৰাম মন্দিৰৰ বিষয়টোৰ অৱশেষত পৰিল সফল সামৰণি। সোমবাৰে অৰ্থাৎ ২২ জানুৱাৰীত অযোধ্যাত ভগৱান ৰামৰ প্ৰতিমূৰ্তিৰ অভিষেক অনুষ্ঠানৰ পিছতে সমগ্ৰ দেশত বিয়পি পৰে হৰ্ষোল্লাস, জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হৈ পৰে ধৰণী। ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে সোমবাৰে আৱতৰীয়া দিপাৱলী পালন কৰিলে সমগ্ৰ দেশবাসীয়ে।
অযোধ্যাত নিজ হাতেৰে শিশু ৰামৰ প্ৰতিমূৰ্তিৰ অভিষেক ঘটায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে অনুষ্ঠানলৈ অহা লোকসকলৰ সন্মুখত আবেগবিহ্বল হৈ পৰা দেখা যায় মোদীক। তেওঁ কয়, ‘আমাৰ ৰাম আহি পালেহি। ৰামলালা আৰু আজিৰে পৰা টেণ্টৰ তলত থাকিব নালাগে।’ প্ৰধানমন্ত্ৰীয়ে কয়, ‘শতিকাযোৰা ধৈৰ্য্যৰে আজি আমি শ্ৰীৰামৰ মন্দিৰ পাইছো। দাসত্বৰ মানসিকতা ভাঙি থিয় হোৱা জাতিয়ে এইদৰেই এক নতুন ইতিহাসৰ সূচনা কৰে।’