নলবাৰীঃ ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱত উপস্থিত হ’ল অসমৰ জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী, লোক শিল্পী, পাঠক ৰামচৰণ ভৰালী৷ নলবাৰী চহৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত হৈ থকা ৮৪ সংখ্যক ৰাস মহোৎসৱ সমিতিয়ে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ঢুলীয়া প্ৰতিযোগিতা উন্মোচন কৰিবলৈ উপস্থিত হয় ভৰালী৷ বুধবাৰ আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ঢুলীয়া প্ৰতিযোগিতা।
বৃহস্পতিবাৰে প্ৰতিযোগিতা উন্মোচন কৰি ৰামচৰণ ভৰালীয়ে লোক সংস্কৃতি যেনেকৈয়ে নহওক আমি ধৰি ৰাখিব লাগিব বুলি কয়। ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হ’বৰ হল। চৰকাৰ সাতমপুৰুষীয়া এই সংস্কৃতিক ধৰি ৰখাৰ প্ৰচেষ্টা হাতত লওক।