7
কাজিৰঙাঃ অৱশেষত কৰুণ মৃত্যুক সাৱটিলে ৰামধনে। ১০-১২ দিন ধৰি বোকাত পৰি ছটফটাই আছিল ৰামধন। কাজিৰঙাত অসুস্থ হৈ থকা ৰামধনক উদ্ধাৰ কৰিবলৈ দেওবাৰে গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছিল চিকিৎসক আৰু উদ্ধাৰকাৰী দল।
দেওবাৰে পুৱাই গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য চিকিৎসক কুশল শৰ্মা আৰু আছাম এলিফেণ্টছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ কৌশিক বৰুৱা সহ এটি উদ্ধাৰকাৰী দল আহি উপস্থিত হৈছিলহি পাণবাৰী আদৰ্শ মিছিং গাঁৱত।