বৰপেটাঃ বৰপেটা চহৰৰ কাষেৰে বৈ যোৱা নখান্দা নৈৰ পাৰৰ নখান্দা বনাঞ্চলত কোনো অজ্ঞাত দূষ্কৃতিকাৰীয়ে দুশৰো অধিক গছ-গছনি কাটি তহিলং কৰে। নখান্দা নৈৰ পাৰৰ এই বনাঞ্চলখন এশৰো অধিক দুষ্প্ৰাপ্য পৰিভ্ৰমী চৰাই আৰু আন জীৱ-জন্তুৰ বাসস্থান আছিল।

এটা সময়ত জাকে জাকে পৰিভ্ৰমী পক্ষীৰ কলৰৱৰে মুখৰিত হৈ থকা বনাঞ্চলখনত এতিয়া বিৰাজ কৰিছে শূন্যতা আৰু নিস্তৱ্ধতা। প্ৰকৃতিপ্ৰেমী তথা ৱাইন্ড লাইফ ফটোগ্ৰাফাৰ হেদায়েৎ উল্লাহ আৰু ৰঞ্জন জ্যোতি দাসে জনোৱা মতে, উক্ত বনাঞ্চলত ২০১৬ চনলৈ Ruddy Shell Duck, Purple Heron, Darter, Verditer Flycatcher, Siberian Ruby Throatকে আদি কৰি এশৰো অধিক পৰিভ্ৰমী চৰাইয়ে বিচৰণ কৰিছিল।

এই দুষ্প্ৰাপ্য চৰাইবোৰৰ বাবে উক্ত বনাঞ্চলখন দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল  হৈ পৰিছিল। লক্ষণীয়ভাৱে উক্ত বনাঞ্চলত থকা দুশৰো অধিক গছ-গছনি কাটি দিয়াৰ ফলত ২০১৭ চনত কোনো পৰিভ্ৰমী চৰাইৰ আগমণ নঘটিল।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত অৱস্থিত উক্ত বনাঞ্চলত কেনেদৰে বন ধ্বংস হ'বলৈ পালে তাক লৈ স্থানীয় ৰাইজ আৰু বনপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুস্কৃতিকাৰীৰ এনে অপকৰ্মৰ পৰা বনাঞ্চলখন শীঘ্ৰে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।