85
গুৱাহাটীঃ মহানগৰীৰ বিৰুৱাৰীস্থিত ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অহা ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰাক ৰঙালী বিহু ২০১৭। কৰ্কট আক্ৰান্ত ৰোগীসকলক জীৱন যুজত জয়ী হোৱাৰ প্ৰেৰণা আৰু সাহস যোগোৱাৰ বাবে জি এল পি ছ’চিয়েল চাৰ্কোলে আয়োজন কৰিছে এই প্ৰাক ৰঙালী বিহু মেলাৰ।
কাৰ্যসূচী অনুযায়ী দিনৰ ১০ বজাৰ পৰা ৰোগীসকলৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰা হ’ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা।