গুৱাহাটীঃ মহানগৰীৰ বিৰুৱাৰীস্থিত ডা: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অহা ১২ এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰাক ৰঙালী বিহু ২০১৭। কৰ্কট আক্ৰান্ত ৰোগীসকলক জীৱন যুজত জয়ী হোৱাৰ প্ৰেৰণা আৰু সাহস যোগোৱাৰ বাবে জি এল পি ছ'চিয়েল চাৰ্কোলে আয়োজন কৰিছে এই প্ৰাক ৰঙালী বিহু মেলাৰ।

কাৰ্যসূচী অনুযায়ী দিনৰ ১০ বজাৰ পৰা ৰোগীসকলৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা।

এই বিহু মেলাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট বোলছবি প্ৰয়োজক শংকৰলাল গোৱেংকাই। প্ৰতিষ্ঠানটোৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব শিল্পী নাহিদ আফ্ৰীন,জিনা ৰাজকুমাৰীকে ধৰি কেবাগৰাকী সংগীত শিল্পীয়ে।