ৰঙিয়াঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ বিতৰ্কিত সাধাৰণ সম্পাদক দিলীপ চৌধুৰীয়ে বিগত ১৯ বছৰে সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিতহৈ কৰি অহা বৃহৎ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৰঙিয়াত৷
যাৰ ফলত যোৱা ১৭ ফেব্ৰুৱাৰীৰপৰা ৰঙিয়াত অনুষ্ঠিত হ’বলগীয়া আসাম প্ৰীমিয়াম ক্ৰিকেট লীগ প্ৰতিযোগিতাখন বৰ্তমানলৈ বন্ধ হৈ আছে। এনেদৰে ৰঙিয়াত সম্পাদক গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ পিছটো অসম অলিম্পিক সন্থাই কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ বাবে আজি পুনৰ ৰঙিয়াত ৰঙিয়াৰ ক্ৰীড়া প্ৰেমীসকলে ৰঙিয়া ১ নং পুলিচ পইন্টত সম্পাদক চৌধুৰীৰ পুত্তলিকা দাহ কৰে।