ৰঙিয়াঃ সমগ্ৰ কামৰূপ জিলাতে একাংশ ভূ-মাফিয়াই বহিৰাগত বনিক গোষ্ঠীক লগত লৈ ঐতিস্যমণ্ডিত স্থান সমুহ নিঃচিহ্ন কৰাৰ পৰিলক্ষিত হৈছে। যাৰ ফলত কৃষি ভূমিটো বাদেই পাহাৰ-ভৈয়াম, জলাশয় আদিত বাসকৰা পশু পক্ষীৰো বিচৰনস্থলী নোহোৱা হৈ পৰা দেখা গৈছে৷ 

কামৰূপ জিলাত সংঘটিত হৈ থকা এনে এক সমস্যা সমাধানৰ বাবে শুকুৰবাৰে কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপজিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসৰ নেতৃত্বত যোৱা আছুৰ এক সজাতি দলে জিলা উপায়ুক্তক প্ৰদান কৰা স্মাৰক পত্ৰখনত বিশেষকৈ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত এচাম ভূ-মাফিয়াই  চৰকাৰী ভূমি, কৃষি ভূমি, জলাশয়, বিল-জান আদি বহিৰাগত বনিক গোষ্ঠীক হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰি আহিছে। 

আনহাতে, পাহাৰ অঞ্চলত খনন কাৰ্য্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে। ইয়াৰ লগে লগে বনিক গোষ্টিয়ে উক্ত অঞ্চল সমূহত বৃহৎ বৃহৎ উদ্যোগ গঢ়ি তুলিছে। যাৰ ফলত সাধাৰণ ৰাইজৰ পৰিৱেশ সাংঘাতিক ধৰণে বিনষ্ট হোৱা দেখা গৈছে। মুঠৰ ওপৰত চৰকাৰী একাংশ বিষয়াৰ লগত মধুৰ সম্পৰ্ক থকা ভূমাফিয়া সকলে গ্ৰীন বেল্ডৰ ভূমি সমুহ ৰেড বেল্ড কৰি এনেদৰে কৃষি ভূমি সমুহত উদ্যোগ গঢ়াৰ ব্যৱস্থা কৰিছে। 

আনহাতে, কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তগত "পচৰীয়া দলৰ" ঐতিহাসিক দীঘলী বিল তথা হাড়গিলাৰ বিচৰনস্থলীৰ নিচেই ওচৰৰ ২৯৩ নং দাগৰ চৰকাৰী ভূমি একাংশ চৰকাৰী বিষয়াৰ পৃষ্ট পোষকতাত দালাল চক্ৰই বনিক গোষ্টীৰ হাতত হস্তান্তৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷

যি কাৰণত নেকি হাড়গিলাৰ বিচৰনস্থলী উক্ত ঐতিহাসিক ভূমি নোহোৱাৰ উপক্ৰম হৈছে। এনে গুৰুত্বপুৰ্ণ সমস্যা সমূহ অচিৰেই সমাধা কৰাৰ বাবে অনুৰোধ জনাই আজি কামৰূপ জিলা ছাত্ৰ সন্থাৰ সজাতি দলটোয়ে উপায়ুক্তক এখন স্মাৰক পত্ৰখন প্ৰদান কৰে। আনহাতে, জিলা ছাত্ৰ সন্থাৰ দলটিয়ে স্মাৰক পত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীৰ লগতে অসম চৰকাৰৰ ৰাজহ বিভাগৰ আয়ুক্ত সচিবলৈ প্ৰতিলিপি প্ৰেৰণ কৰে। 

কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে কামৰূপ জিলা ছাত্ৰ সন্থাই উক্ত বিষয়টো গভীৰ ভাৱে চিন্তা কৰি কামৰূপ উপায়ুক্তৰ জৰিয়তে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ কৰা হৈছে। এনেৰে দৃষ্টিগোচৰ কৰাৰ পিছটো যদি বিভাগীয় কৰ্তৃপক্ষই এনেধৰণৰ কাণ্ডৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয় তেনেহ’লে আছুয়ে গণতান্ত্ৰিক ভাৱে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি ছাত্ৰ নেতা জনে জানিবলৈ দিয়ে।